মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ Assam Seed & Organic Certification Agency (ASOCA)

বীজ গাঁও আৰু প্ৰশিক্ষণ

প্ৰশিক্ষণ

মূল/মানপত্ৰিত বীজ বিতৰণ কৰা সংশ্লিষ্ট ৰূপায়ণকাৰী সংস্থাসমূহে, বীজ গাঁওসমূহত বৃদ্ধি হোৱা বীজসমূহৰ বাবে খেতিয়কসকলক বীজ  উত্পাদন আৰু বীজ প্ৰযুক্তিবিদ্যাৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰিব। প্ৰশিক্ষণৰ সময়সীমা হব তিনি দিন, যাৰ ভিতৰত প্ৰথম দিনাৰ প্ৰশিক্ষণ শস্যৰ বীজ সিঁচা সময়ত খেতিয়কসকলক দিয়া হব। এই প্ৰশিক্ষণৰ সময়ছোৱাত এবিধ নিৰ্দিষ্ট শস্যৰ বাবে অনুসৰণ কৰিবলগীয়া বীজ উত্পাদন কৌশল, অন্তঃৰণ পাৰ্থক্য, সিঁচা কাৰ্য্য, অন্য শস্য বিজ্ঞান সম্পৰ্কীয় নীতি-নিয়মসমূহ খেতিয়কসকলক শিকোৱা হব। শস্যৰ বীজৰ ফুল অংকুৰণৰ পৰ্যায়ত দ্বিতীয় এদিনীয়া প্ৰশিক্ষণটি অনুষ্ঠিত কৰা হব। বীজ ৰোপণকাৰী খেতিয়কসকলক পচা, নষ্ট হৈ যোৱা বীজসমূহ চিনাক্ত কৰিবলৈ, এই বীজসমূহ অপসাৰণ কৰিবলৈ আৰু বীজ উত্পাদন তথা অন্যান্য শস্য-বিজ্ঞান সম্পৰ্কীয় কাম-কাজসমূহৰ গুণগত মানদণ্ড বাহাল ৰাখিবলৈ আৰু খেতিয়কসকলৰ দ্বাৰা অনুসৰণ কৰিবলগীয়া গছ সংৰক্ষণৰ উপায়সমূহ আৰু শস্য চপোৱাৰ পদ্ধতিসমূহৰ বিষয়ে প্ৰশিক্ষণ দিয়া হব। শস্য চৱোপাৰ পাছত বীজ প্ৰক্ৰিয়াকৰণৰ সময়ত বীজ পৰিস্কাৰকৰণ, বীজৰ মানদণ্ড নিৰূপণ, বীজৰ যত্ন, বীজ মজুতকৰণ, বীজ আবৃতকৰৰ দিশ আৰু অংকুৰণ হবলৈ কেনেকৈ স্থানীয় বীজ পৰীক্ষণ তথা বীজ পৰীক্ষণৰ বাবে প্ৰতিনিধিত্বমূলক বীজৰ নমুনা চপাই নিব পাৰি, সেই সম্পৰ্কে জ্ঞান প্ৰদান কৰিবলৈ তৃতীয় দিনাৰ প্ৰশিক্ষণ প্ৰদান কৰা হব বা অনুষ্ঠিত হব।

প্ৰশিক্ষণৰ ব্যয়ৰ সংৰচনা

ক্ৰমিক নংবয়-বস্তুপৰিমাণ (টকা)
তিনিদিনৰ বাবে, ৫০জন অংশগ্ৰহণকাৰীৰ বাবে এবাৰ মধ্যাহ্ন ভোজন আৰু দিনে দুবাৰ চাহ-বিস্কুট, প্ৰতচিজন অংশগ্ৰহণকাৰীৰ বাবদ @ ৫০ টকা / দিনে (৫০ X ৩ X ৫০)৭৫০০
কাগজ-পত্ৰ, লিখন সামগ্ৰী/প্ৰকাশৰ সামগ্ৰী, প্ৰতিজন অংশগ্ৰহণকাৰী বাবে স্থানীয় ভাষাত যোগান ধৰিবলগীয়া @ ১০ টকা (৫০০ X ৩)১৫০০
ৰূপায়ণকাৰী সংস্থাৰ বাবে থূল-মূল ব্যৱস্থাপনা ব্যয়৪৫০০
সমল ব্যক্তিৰ বাবে পাৰিতোষিক ৩ দিনৰ বাবে @ ৩০০ টকা / প্ৰতি দিনে ৯০০
অন্যান্য অনিশ্চিত খৰচসমূহ৬০০
 সৰ্বমুঠ১৫,০০০

যদি ৰূপায়ণকাৰী সংস্থাই অনুভৱ কৰে যে খেতিয়কসকল আকৰ্ষিত হৈছে, তেন্তে তেওঁলোকে SHG সৃষ্টি কৰিব পাৰে আৰু ২৫ শতাংশ পশ্চাদ অন্ত ঋণ সংযুক্ত ৰাজসাহায্য আঁচনিৰ অধীনত বীজ প্ৰক্ৰিয়াকৰণ গোট স্থাপন কৰিবলৈ সাহায্য গ্ৰহণ কৰিব পাৰে।