মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ Assam Seed & Organic Certification Agency (ASOCA)

ইতিহাস

  • বীজ হল বহনক্ষম কৃষিৰ প্ৰাথমিক আৰু আটাইতকৈ দৰকাৰী নিবেশ। গণনা কৰি পোৱা গৈছে যে শস্যৰ ওপৰত নিৰ্ভৰ কৰি কেৱল গুণগত মানসম্পন্ন বীজৰ পোনপটীয়া বৰঙণি হল সৰ্বমুঠ উত্পাদনৰ ১৫-২০ শতাংশ আৰু অন্যান্য নিবেশসমূহৰ সঠিক ব্যৱস্থাপনাৰে ইয়াক ৪৫ শতাংশলৈ বৃদ্ধি কৰিব পৰা যায়।

    ১৯৬০ চনৰ আগলৈ বীজ উদ্যোগ, এইখন দেশত উন্নয়নাধীন অৱস্থাত আছিল। তাৰ পাছত কিছুমান শস্যৰ বৰ্ণসংকৰ প্ৰজাতিৰ মোকলনে বীজৰ চাহিদাত এক বৰ্দ্ধন আনি দিছিল, যাৰ থলুৱা বীজ উদ্যোগৰ উন্নতি উদ্দীপিত কৰাত এক অনুঘটনীয় প্ৰভাৱ পেলাইছিল। ১৯৮৫ চনৰ আগলৈ বীজ উত্পাদন, বীজ মানপত্ৰ প্ৰদান আৰু বীজ আইন বলবত্কৰণ, কৃষি সঞ্চালকৰ নিয়ন্ত্ৰণৰ অধীনত কৃষি বিভাগৰ প্ৰয়োজনীয় আৰু প্ৰাথমিক উপাদান আছিল।

    যিহেতু প্ৰধান শস্যসমূহৰ বীজৰ উচ্চ ফচলদায়ী প্ৰকাৰ উপলব্ধ নাছিল আৰু ৰাজ্যৰ বাহিৰৰ পৰা বীজ ক্ৰয় কৰিবলগীয়া হৈছিল, ৰাজ্য চৰকাৰে মানপত্ৰ প্ৰদানকাৰী সংস্থা স্থাপনৰ বাবে কোনো বিকল্প বিচাৰি পোৱা নাছিল, কাৰণ বীজ মানপত্ৰ প্ৰদান হল বীজৰ মানদণ্ড সুনিশ্চিত কৰাৰ আটাইতকৈ উত্তম পন্থা। আনুবংশিক পৰিশুদ্ধিতা, শাৰিৰীক পৰিশুদ্ধিতা, আদ্ৰতা আৰু অংকুৰণৰ নিৰ্দেশিত সুনিৰদিষ্ট মানদণ্ডৰ গুণগত মানসম্পন্ন বীজসমূহ কৃষক সম্প্ৰদায়লৈ উপলব্ধ কৰা আৰু তাক সুনিশ্চিত কৰাৰ বাবে বীজ মানপত্ৰ প্ৰদান হল এটা আইনগতভাৱে অনুমোদিত ব্যৱস্থা আৰু নিয়ন্ত্ৰণ প্ৰক্ৰিয়া।

    এই কথা অনুভৱ কৰি অসম চৰকাৰৰ দ্বাৰা ১৯৮৫ চনৰ ১ জানুৱাৰী তাৰিখে, ১৯৬৬ চনৰ বীজ আইনৰ অধীনত আৰু সমবায় পঞ্জীয়ন আইন,১৮৬০ৰ অধীনত পঞ্জয়নভুক্ত এটা স্বায়ত্ত শাসিত সংস্থা অসম ৰাজ্যিক বীজ মানপত্ৰ প্ৰদান সংস্থা গঠন কৰা হৈছিল। এই সংস্থাটো অসম চৰকাৰৰ নিয়ন্ত্ৰণাধীন।