মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ Assam Seed & Organic Certification Agency (ASOCA)

বীজ গাঁও স্থাপন

বীজ গাঁও ৰূপায়ণৰ নিৰ্দেশাৱলী

(ক) ৰূপায়ণকাৰী সংস্থাসমূহ– ৰূপায়ণকাৰী সংস্থাসমূহ হব ৰাজ্যিক কৃষি বিভাগ, ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়, কৃষি বিজ্ঞান কেন্দ্ৰ, ৰাজ্যিক বীজ নিগম, ৰাষ্ট্ৰীয় বীজ নিগম, ভাৰতীয় ৰাজ্যিক পাম নিগম, ৰাজ্যিক বীজ মানপত্ৰ প্ৰদান সংস্থা। অঞ্চলটোৰ বাবে এটা ৰূপায়ণকাৰী সংস্থাক চিহ্নিত কৰা হব আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা কৰ্তৃত্ব প্ৰদান কৰা হব।

(খ) দৃষ্টিভঙ্গী– ৰাজ্য চৰকাৰ আৰু ৰূপায়ণকাৰী সংস্থাসমূহে উন্নত বীজ উত্পাদনৰ বাবে অঞ্চলসমূহ চিনাক্ত কৰিব লাগিব আৰু এই আঁচনিৰ অধীনত এটা ঘন অঞ্চলৰ দৃষ্টিভঙ্গী অনুসৰণ কৰাটো প্ৰয়োজন। ৰূপায়ণকাৰী সংস্থাটোৰ দ্বাৰা সংশ্লিষ্ট ৰাজ্যিক কৃষি বিভাগৰ সৈতে মন্ত্ৰণাৰ ভিত্তিত বাঞ্ছনীয়ভাৱে ঘন অঞ্চল/থূপ দৃষ্টিভঙ্গীত, উপযুক্ত সঁহাৰি দিয়া আৰু ইচ্ছুক ন্যূনতম ৫০জন খেতিয়কক, একেটা শস্যৰ বাবে চিহ্নিত/নিৰ্বাচিত কৰা হব। খেতিয়কৰ সংখ্যা ৫০ জনতকৈ অধিক হব পাৰে যদিও ১৫০ জনতকৈ অধিক হব নোৱাৰে। ৰাজ্য চৰকাৰে সুনিশ্চিত কৰিব যে বিভিন্ন ৰূপায়ণকাৰী সংস্থাসমূহৰ প্ৰকল্প অঞ্চল বিলাক স্পষ্টভাৱে আৰু পৃথককৈ প্ৰভেদ কৰা থাকিব। ৰাজ্য চৰকাৰৰ দ্বাৰা চলাই থকা অনুৰূপ অনুষ্ঠানসমূহ (যদিহে আছে)ৰ অধীনত থকা অঞ্চলসমূহ, এই আঁচনিৰ অধীনত প্ৰকল্প অঞ্চলসমূহৰ সৈতে সংমিশ্ৰিত হৈ নাযায় তাকো সুনিশ্চিত কৰা উচিত যাতে সনকল তথা বিত্তৰ আত্মসাত্ এৰাই চলিব পাৰি।

বীজ গাঁওসমূহত খেতিয়কসকলৰ সৈতে মন্ত্ৰণা কৰি সকলো খেতিয়কৰ বাবে বাঞ্চনীয়ভাৱে সাধাৰণতে বৃদ্ধি হোৱা বিভিন্ন ধৰণৰ শস্যসমূহ একেই বাচি লোৱা হয়।

প্ৰকল্প অঞ্চলটোৱে সৰ্বাধিক দুই বছৰৰ কালৰ বাবে সহায় পোৱা উচিত যাতে চিহ্নিত খেতিয়কসকলে বীজ উত্পাদনৰ প্ৰযুক্তিবিদ্যা সম্পৰ্কে সজাগ হৈ উঠে আৰু প্ৰকল্পৰ সময়ছোৱা উকলি যোৱাৰ পাছত তেওঁলোকৰ স্বাভাৱিক কাম-কাজৰ সৈতে স্বাধীনভাৱে বীজ উত্পাদন কাৰ্যকো লবলৈ সক্ষম হয়। এটা বিশেষ এলেকাৰ দুবছৰীয়া প্ৰকল্প কালছোৱাৰ অন্তত, যদিহে ৰূপায়ণকাৰী সংস্থাটোৱে অনুষ্ঠানটো চলাই নিব বিচাৰে, তেন্তে নতুন ঘন অঞ্চল লোৱা হব পাৰে।

(গ) বীজৰ যোগান– সংশ্লিষ্ট ৰূপায়ণকাৰী সংস্থাটোৱে ইতিধ্যে চিহ্নিত খেতিয়কসকলক ৫০ শতাংশ দৰত মূল/মানপত্ৰিত বীজসমূহ বিতৰণ কৰিব। আধা একৰ ভূমিৰ বাবে বীজ অনুমোদিত হব। ৰূপায়ণকাৰী সংস্থাৰ দ্বাৰা ৰাষ্ট্ৰীয় বীজ নিগম/ৰাজ্যিক বীজ নিগম/ভাৰতীয় ৰাজ্যিক পাম নিগম/বীজ সমবায়সমূহ/ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়ৰ উত্সৰ পৰা প্ৰয়োজনীয় মূল/স্থীৰিকৃত প্ৰকাৰসমূহৰ মানপত্ৰিত বীজ লোৱা হব। এই আঁচনিৰ অধীনত হাৰ সংক্ৰান্তত সমগ্ৰ দেশব্যাপী কাৰ্যৰত হৈ থকা ৰাষ্ট্ৰীয় বীজ নিগমৰ হাৰক ধৰি লোৱা হব। সেই ভিত্তিত কেৱল ৫০ শতাংশ সাহায্য প্ৰদান কৰা হব।