মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ Assam Seed & Organic Certification Agency (ASOCA)

বীজ মানপত্ৰ প্ৰদান অনুষ্ঠান

মানপত্ৰ প্ৰদানৰ নিয়মাৱলী

মানপত্ৰ প্ৰদানৰ কাৰণে পৰামৰ্শাৱলী, গুণগত মানদণ্ডৰ বীজ উত্পাদনৰ বাবে সৃষ্টি কৰা হৈছে, যিসমূহ তলত ব্যাখ্যা কৰা হল-

বীজৰ মানপত্ৰ প্ৰদান তলত উল্লেখ কৰা ছয়টা পৰ্যায়ত সম্পূৰ্ণ কৰা হব লাগিব –

১। আবদনৰ প্ৰাপ্তি আৰু বিবেচনা

২। বীজৰ উত্সৰ সত্যাসত্য নিৰূপণ

৩। ক্ষেত্ৰ নিৰীক্ষণ

৪। ফচল সংগ্ৰহোত্তৰ কালৰ তত্বাৱধান

৫। বীজ নমুনাকৰণ আৰু বিশ্লেষণ

৬। মানপত্ৰৰ মঞ্জুৰি

১। আবেদন পত্ৰৰ প্ৰাপ্তি আৰু বিবেচনা

মানপত্ৰৰ বাবে আবেদনপত্ৰ পৰিশিষ্ট-Xৰ ৮নং প্ৰপত্ৰত দিব লাগিব আৰু বীজ খেতিয়কজনৰ দ্বাৰা পূৰ কৰি, বীজ সিঁচাৰ আগতে, কিন্তু বীজ সিঁচাৰ ১০ দিনৰ পাছত নহয়, গাঁওখনত ক্ষেত্ৰাধিকাৰ থকা সহকাৰী বীজ মানপত্ৰ প্ৰদানৰ বিষয়া (ASCO)ৰ ওচৰত দাখিল কৰিব লাগিব। দেৰিকৈ অহা আবেদন পত্ৰসমূহ মানপত্ৰ প্ৰদানকাৰী সংস্থাৰ ইচ্ছানুযায়ী গ্ৰহণ কৰা হব পাৰে। যদিহে কিবা ক্ষেত্ৰত ভুলকৈ নিবিষ্ট কৰা হৈছে বা ইয়াৰ প্ৰতিবেদিত ক্ষেত্ৰসমূহত শুধৰণি কৰিবৰ বাবে পাছত এখন আবেদন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰে। যদিহে ক্ষেত্ৰ প্ৰত্যাহাৰকৰণৰ জাননীৰ প্ৰাপ্তি, পলমকৈ হয়, অৰ্থাত্ খেতিয়কৰ পথাৰলৈ যদি সহকাৰী বীজ মানপত্ৰ প্ৰদানৰ বিষয়াই তেওঁৰ প্ৰথমবাৰ ভ্ৰমণ সম্পন্ন কৰে, তেন্তে সম্পূৰ্ণ পৰিদৰ্শন ব্যয় আদায় কৰা হব। মাণ্ডলিক কাৰ্যালয়ৰ প্ৰধানজনে আবেদনপত্ৰ প্ৰাপ্তিৰ লগে লগে তত্ক্ষণাত্ প্ৰাপ্তিৰ তাৰিখটো মোহৰ মাৰি লব লাগিব, তলত দিয়া ব্যৱস্থা অনুসৰি দুয়োটা প্ৰতিলিপিতে আবেদনৰ নম্বৰ নিৰ্দিষ্ট কৰি দিব আৰু তাৰ পাছত নিজে নিশ্চিত হব যে-

  • নিৰ্দিষ্ট কৰি দিয়া সময়সীমাৰ ভিতৰত ই প্ৰাপ্ত হৈছে।
  • এই প্ৰকাৰটো মানপত্ৰ প্ৰদানৰ বাবে যোগ্য।
  • ইতিমধ্যে ব্যৱহৃত বা সিঁচি থকা বা প্ৰস্তাৱিত শস্যবিধ, ই অনুমোদন কৰা উত্সৰ পৰা পোৱা হৈছে।
  • আবেদন আৰু পৰিদৰ্শনৰ মাচুল আদায় দিয়া হৈছে।

আবেদনপত্ৰ প্ৰাপ্তিৰ ১০ কৰ্মদিনৰ ভিতৰত, মাণ্ডলিক কাৰ্যালয়ে ওপৰত দিয়াখিনি সম্পূৰ্ণ কৰিব লাগিব আৰু ইয়াৰ সিদ্ধান্ত দুয়োটা প্ৰতিলিপিতে উল্লেখ কৰিব লাগিব। তাৰ পাছত মূল প্ৰতিলিপিটো ই সহকাৰী বীজ মানপত্ৰ প্ৰদানৰ বিষয়ালৈ পঠিয়াব আৰু আবেদন পঞ্জীয়নত তথ্যসমূহ প্ৰথম, দ্বিতীয় আৰু তৃতীয় ভাগৰ প্ৰক্ৰিয়া অনুসৰি অংশ নম্বৰ উল্লেখ কৰি নিবিষ্ট কৰাৰ পাছত দ্বিতীয় প্ৰতিলিপিটো ওভতাই দিব লাগিব।

২। বীজ উত্সৰ সত্যাসত্য নিৰূপণ

খেতিৰ আৰম্ভণিত বা মানপত্ৰিত বীজৰ উত্পাদন, সকলো ক্ষেত্ৰতেই যিগৰাকী ব্যক্তিয়ে উত্পাদন কৰিব লৈছে, তেওঁ মানপত্ৰ প্ৰদানকাৰী সংস্থাৰ নিৰ্দেশনা অনুযায়ী মানপত্ৰ প্ৰদানৰ চিহ্ন, ক্ৰয়ৰ তথ্য আদিকে ধৰি তথ্যসহ প্ৰমাণ, পথাৰত ৰোপণ কৰা বীজৰ উত্স প্ৰতিপন্ন কৰিবলৈ, বীজ মানপত্ৰ প্ৰদানকাৰী সংস্থাক দখিল কৰিব লাগিব আৰু আবেদনৰ প্ৰপত্ৰত চিহ্নটো উল্লেখ কৰিব লাগিব।

৩। ক্ষেত্ৰ পৰিদৰ্শন–

ক্ষেত্ৰ পৰিদৰ্শনৰ প্ৰাথমিক উদ্দেশ্য হল তলত দিয়াসমূহ সুনিশ্চিত কৰা-

  • সেই একেটা মাটিৰ দাগত বৃদ্ধি হোৱা ভূতপূৰ্ব শস্যৰ বিষয়ে জনা
  • সকলো সম্ভাৱ্য সংক্ৰমণৰ উত্সৰ পৰা দূৰত্ব বজাই ৰখা
  • প্ৰকাৰজাত পাৰ্থক্যসূচক বৈশিষ্ট্যসমূহ বজাই ৰখা।
  • অন্য শস্য, গছ, আপত্তিজনক অপতৃণ আদিৰ সৈতে স্বয়ংক্ৰিয় সংমিশ্ৰণৰ পৰা মুক্ত কৰি ৰখা।
  • কিছুমান নিৰ্দিষ্ট বীজৰ পৰা সৃষ্ট বুলি অভিহিত ৰোগৰ পৰা মুক্ত কৰি ৰখা।

ক্ষেত্ৰ পৰিদৰ্শনৰ উদ্দেশ্যসমূহ-

  • অনুমোদিত উত্সৰ পৰা প্ৰতিপালিত বীজৰ উত্সৰ সত্যাসত্য নিৰ্ণয়।
  • প্ৰান্তিক শাৰীৰ ব্যৱহাৰ আৰু ৰোপণ অনুপাতৰ নিশ্চিতকৰণ।
  • পচা, ৰোগীয়া গছ আৰু অন্য সংক্ৰামকৰ দৰে আপত্তিজনক অপতৃণসমূহ আঁতৰোৱাৰ লগতে সংমিশ্ৰিত অন্য গছ-পুলিসমূহ আঁতৰোৱা।
  • প্ৰকাৰ বিধৰ বৰ্ণনা অনুযায়ী প্ৰকাৰজাত বৈশিষ্ট্যসমূহৰ যথোপযুক্ততা।
  • বীজ ৰোপকসকলক, স্বয়ংক্ৰিয় সংমিশ্ৰণ এৰাই চলিবলৈ আৰু অন্যান্য উত্পাদন তথা মানপত্ৰ প্ৰদানৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সহায় সহযোগিতা।

ক্ষেত্ৰ পৰিদৰ্শন কেতিয়া কৰণীয়

শস্য বৃদ্ধিৰ পৃথক পৃথক পৰ্যায়ত চাৰিবাৰকৈ ক্ষেত্ৰ পৰিদৰ্শন কৰিব লাগে আৰু পৰিশিষ্ট-XII ত থকা আৰ্হিৰ আধাৰত প্ৰতিবেদন প্ৰকাশ কৰিব লাগে।

  • প্ৰাক ফুলন পৰ্যায়
  • ফুলন পৰ্যায়
  • ফুলনোত্তৰ আৰু প্ৰাক-ফচল সংগ্ৰহ পৰ্যায়
  • ফচল সংগ্ৰহ কালত চূড়ান্ত পৰিদৰ্শন

বীজ ভূমিৰ অগ্ৰাহ্যকৰণ

বীজ মানপত্ৰ প্ৰদান সংস্থাটোৰ তলত দিয়া আধাৰসমূহৰ ভিত্তিত বীজ ভূমিৰ মানপত্ৰ নাকচ কৰিব পৰা কৰ্তৃত্ব আছে-

  • অপৰ্যাপ্ত অন্তৰণৰ কাৰণে (হয়তো আংশিক বা সম্পূৰ্ণ)
  • বীজ ভূমিখিনিয়ে কিবা কাৰণ বা সংক্ৰামকৰ বাবে, নিৰ্দিষ্ট মানদণ্ড অৱলম্বন নকৰিলে।
  • কৃষি/বীজ ভূমি যত শস্য বীজৰ এক-তৃতীয়াংশ বা ততোধিক মেটমৰাকৈ জমা কৰি থোৱা হৈছে, যাৰ বাবে ক্ষেত্ৰ গণনা কৰা কঠিন হৈছে, তেনে ক্ষেত্ৰত।
  • আবেদন পত্ৰ পলমকৈ দাখিল কৰাৰ ক্ষেত্ৰত যত প্ৰথম পৰিদৰ্শন কালত শস্যৰ পৰ্যায়ে ইতিমধ্যে ফুলন কাল অতিক্ৰম কৰিছে।

পুনৰ পৰিদৰ্শন

কোনো পৰিদৰ্শনত যদি শস্য ভূমি মানপত্ৰ প্ৰদানৰ বাবে নিৰ্দিষ্ট মানদণ্ড অনুসৰি নহয়, শস্য উত্পাদকৰ অনুৰোধ মৰ্মে আৰু পথাৰৰ পৰা সংক্ৰামকৰ উত্সসমূহ আঁতৰকৰণ তথা ৰুগীয়া গছসমূহ আঁতৰকৰণ আৰু নিৰ্দিষ্ট অন্তৰণ দূৰত্ব বজাই ৰখাৰ পাছত (যদিহে এইদৰে মানপত্ৰ প্ৰদানকাৰী সংস্থাৰ দ্বাৰা নিৰ্দেশিত হৈছে) অসম ৰাজ্যিক বীজ মানপত্ৰ প্ৰদান সংস্থাই এটা বা তাতকৈ বেছি পুনৰ পৰিদৰ্শন কৰিব পাৰে যদিহে এনে আঁতৰকৰণে শস্য বীজসমূহৰ নিৰ্দিষ্ট মানদণ্ড সুনিশ্চিত কৰিব পাৰে আৰু সংক্ৰামকসমূহৰ দ্বাৰা শস্যবীজ সমূহৰ গুণাগুণত কোনো ধৰণৰ অপৰিৱৰ্তনীয় ক্ষতি পুনৰাই কৰিব নোৱাৰাটো সুনিশ্চিত কৰিব পাৰে। মানপত্ৰ প্ৰদানকাৰী সংস্থাটোৱে নিজৰ ইচ্ছানুযায়ী, যদিহে প্ৰয়োজনীয় বিবেচিত হয়, নিৰ্দিষ্ট ন্যূনতম পৰিদৰ্শনৰ সংখ্যাতকৈ ওপৰত এবাৰ বা ততোধিক পুনৰ পৰিদৰ্শন কৰিব পাৰে।

৪. ফচল সংগ্ৰহোত্তৰ কালৰ তত্বাৱধান –

মানপত্ৰ প্ৰদানকাৰী সংস্থাৰ পৰা অনুমোদন লাভ কৰাৰ পাছত ফচল সংগ্ৰহ আৰু মৰণা মৰা কাৰ্য কৰা হব লাগিব। খেতিয়কগৰাকীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত মৰণা মৰা, জৰা আদি সকলো পৰ্যায় সম্পূৰ্ণ কৰিব লাগিব। পৰিস্কাৰ আৰু মানদণ্ডযুক্ত বীজসমূহ বান্ধি থব লাগিব। বীজ বন্ধা মোনাসমূহ যথাযথভাৱে মোহৰ লগাব লাগিব। পৰিস্কাৰকৰণ আৰু মানদণ্ড প্ৰদান কাৰ্যত উপস্থিত থকা সহকাৰী বীজ মানপত্ৰ প্ৰদানৰ বিষয়াই, নিৰ্দিষ্ট গৱেষণাগাৰত অংকুৰণৰ পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে প্ৰয়োজন হোৱা বীজৰ নমুনা সংগ্ৰহ কৰিব। নমুনা সংগ্ৰহৰ সময়ত উপস্থিত থকাটো শস্যৰ খেতিয়কজন বা তেওঁৰ প্ৰতিনিধিৰ দায়িত্ব। নমুনা সংগ্ৰহৰ সময়ত, প্ৰতিটো মোনা, ইয়াৰ বিবিধতা তথা নমুনা সংগ্ৰহ কৰা মোনাসমূহৰ সংখ্যাৰ সাক্ষ্যদানৰ বাবে সহকাৰী বীজ মানপত্ৰ প্ৰদানৰ বিষয়াৰ দ্বাৰা চিহ্নিত হোৱা উচিত।

৫. বীজ নমুনাকৰণ আৰু বিশ্লেষণ

বীজৰ স্বাস্থ্য পৰীক্ষা সম্পৰ্কে এইটো হল আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায়। যদি নমুনা সঠিক হয় তেন্তে ই অধিক উন্নত ফলাফল দেখুৱাব। সঠিকতাৰ বাবে কিছুমান নিয়ম নিৰ্দ্ধাৰণ কৰা হৈছে-

  • বীজৰ পৰিমাণ আকাৰ সৰ্বাধিক ২০,০০০ কিলোগ্ৰাম হব পাৰে।
  • বীজৰ অংশসমূহ সমশ্ৰেণীভুক্ত হব লাগিব.
  • প্ৰতিটো নমুনাক প্ৰাথমিক নমুনা বুলি কোৱা হয় আৰু এয়া বীজসমূহৰ ওপৰ, মধ্য আৰু নিম্ন অংশৰ পৰা লোৱা উচিত। যেতিয়া প্ৰাথমিক নমুনাসমূহ পুংখানুপুংখভাৱে মিশ্ৰিত হয়, তাক সংযুক্ত নমুনা বুলি কোৱা হয়। হ্ৰাসপ্ৰাপ্ত সংযুক্ত নমুনাৰ পৰা জনাজাত মানসম্পন্ন বীজ লোৱা হয় আৰু ইয়াক কোৱা হয় উপস্থাপিত নমুনা। উপস্থাপিত নমুনা প্ৰতিবিধ শস্যৰ বাবে তলত দেখুওৱা ধৰণে নিৰ্দিষ্ট হোৱা উচিত-

দাখিল কৰিবলগীয়া নমুনাৰ আকৃতি –

শস্যৰ নামনমুনা শস্য
শস্য (ঘেঁহু, গোমধান, শুকান শস্য ইত্যাদি)১০০০ গ্ৰাম
ধান৪০০ গ্ৰাম
মৰাপাট ১০০ গ্ৰাম
তিয়হ ১৫০ গ্ৰাম
বন্ধাকবি ১০০ গ্ৰাম

বীজ বিশ্লেষণ

বীজ প্ৰস্তুতকৰণ/হস্তকৃত পৰিস্কৰণ আৰু মানদণ্ড আৰোপ বা কোনো ক্ষেত্ৰত বীজৰ আগডাল সম্পূৰ্ণ হোৱাৰ পাছত অসম ৰাজ্যিক বীজ মানপত্ৰ প্ৰদান সংস্থাই বীজ পৰীক্ষণ সাৰগ্ৰন্থ নিৰ্দিষ্ট কৰা ব্যৱস্থা অনুযায়ী এটা প্ৰতিনিধিত্বমূলক সংযুক্ত নমুনা আনিব। লৈ অনা বীজৰ নমুনাৰ পৰিমাণ উপস্থাপিত নমুনা (পৰিশিষ্ট-XIII)ৰ আকৃতিৰ তিনিটা নমুনা যোগান ধৰিব পৰাকৈ যথেষ্ট হব। সংযুক্ত নমুনাটো তিনিটা সমান ভাগত ভাগ কৰা হব আৰু এটা মাণ্ডলিক বীজ পৰীক্ষণ গৱেষণাগাৰলৈ বিশ্লেষণৰ বাবে পঠিয়াই দিব হব, দ্বিতীয় অংশটো বীজ উতপাদক আৰু তৃতীয় অংশটো ৰক্ষক নমুনা হিচাপে সহকাৰী বীজ মানপত্ৰ প্ৰদানৰ বিষয়াৰ দ্বাৰা থৈ দিয়া হব।

বীজ বিশ্লেষণ প্ৰতিবেদন

বীজ বিশ্লেষণ গৱেষণাগাৰে নিৰ্দিষ্ট ব্যৱস্থাৰ সৈতে সংগতি ৰাখি বীজ বিশ্লেষণ কৰিব আৰু বীজ বিশ্লেষণৰ প্ৰতিবেদনখন মানপত্ৰ প্ৰদান অনুষ্ঠানক যিমান সোনকালে সম্ভৱ দাখিল কৰিব, কিন্তু যদিহে বীজবিধ এনেকুৱা পৰীক্ষা কৰাৰ প্ৰয়োজন নহয়, যিটো সম্পূৰ্ণ কৰিবলৈ ৩০ দিনৰ বেছি প্ৰয়োজন, তেন্তে নমুনা গ্ৰহণ কৰাৰ তাৰিখটোৰ পৰা ৩০ দিনতকৈ অধিক পলমকৈ দিব নোৱাৰিব। বিন্যাসটো পৰিশিষ্ট-XIVত আছে।

৬. মানপত্ৰ মঞ্জুৰী

বান্ধোন, চিহ্নিতকৰণ, মোহৰ মৰা আৰু মানপত্ৰ জাৰিকৰণ

(ক) বীজ বিশ্লেষণ প্ৰতিবেদন লাভ কৰাৰ পাছত আৰু নিৰ্দিষ্ট কৰি দিয়াৰ লগে লগে স্বাভাৱিক বৃদ্ধিৰ ফলাফল লাভ কৰাৰ পাছত, যদিহে বীজৰ পৰিমাণে নিৰ্দিষ্ট মানদণ্ড চুব পাৰে, অসম ৰাজ্যিক বীজ মানপত্ৰ প্ৰদান সংস্থা/অভিকৰ্ত্তৃত্বাই বান্ধোন, চিহ্নিতকৰণ, মোহৰ মৰা কাৰ্য্য আৰু মানপত্ৰ জাৰিকৰণ দ্ৰুতভাৱে সুনিশ্চিত কৰিব। মানপত্ৰ প্ৰদানকাৰী সংস্থাৰ এঝন কৰ্তৃত্বশীল বিষয়াই প্ৰতিটো মানপত্ৰ প্ৰদানকাৰী চিহ্নৰে ওলোটা পিঠিত চহী কৰিব আৰু বিষয়াজনৰ নাম আৰু পদবী উল্লেখ কৰি ৰাবাৰ ষ্টাম্প মাৰিব। মানপত্ৰিত বীজসমূহ আৱদ্ধকৰণৰ বাবে ব্যৱহৃত পাত্ৰসমূহ স্থায়ী আৰু ত্ৰুটিমুক্ত হব লাগিব।

(খ) মানপত্ৰ প্ৰদানকাৰী সংস্থাৰ ইচ্ছা অনুযায়ী আগতীয়া চিহ্নিতকৰণে অনুমতি পাব পাৰে।

মানপত্ৰৰ নাকচকৰণ –

যিকোনো শস্য উত্পাদন ক্ষেত্ৰৰ বা শস্য কৰি মানপত্ৰ নাকচ কৰাৰ কৰ্তৃত্ব অসম বীজ মানপত্ৰ প্ৰদান সংস্থাৰ আছে, যদিহে সেয়া বিশেষ শস্যবিধৰ বা পথাৰখনৰ বা বীজৰ বা দুয়োটাৰ বাবে নিৰ্দ্ধাৰিত ন্যূনতম মানদণ্ডৰ লায়কৰ নহয়। এনে ধৰণৰ নাকচকৰণ বীজ আইন,১৯৬৬ৰ ১১(১) নং ধাৰাৰ অধীনত সংগঠিত হোৱা উত্তৰবিচাৰকাৰী কৰ্তৃপক্ষলৈ কৰা আবেদনৰ অধীন।

মানপত্ৰৰ বৈধতাৰ সময়সীমা –

প্ৰাৰম্ভিক মানপত্ৰ প্ৰদানৰ কালছোৱাত পৰীক্ষাৰ তাৰিখটোৰ পৰা বৈধতাৰ সময়সীমা হব ৯ মাহ। সকলো বীজৰ বাবে শাৰিৰীক পৰিশুদ্ধিতা, অংকুৰণ আৰু পৰুৱা/পোকৰ ক্ষতিৰ ক্ষেত্ৰত নিৰ্দ্ধাৰিত মানদণ্ড অনুসৰি বীজ পৰীক্ষণৰ অন্তত বৈধতাৰ মাথোঁ আংগিকভাৱে বংশবিস্তাৰ কৰাসমূহৰ বাহিৰে, যাৰ বাবে সংশ্লিষ্ট শস্যবিধৰ বাবে নিৰ্দ্ধাৰিত বীজৰ মানদণ্ডৰ বাবে বীজ বৰ্গ পুনৰ পৰীক্ষা কৰা হব। বৈধতাৰ সময়মীয়া অসম ৰাজ্যিক বীজ মানপত্ৰ প্ৰদান সংস্থাৰ দ্বাৰা নিৰ্দ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি বৃদ্ধি কৰা হয়। কেৱল অংকুৰণৰ ক্ষেত্ৰতহে পুনৰ বৈধতা প্ৰদান কৰা হব, আনুবংশিক পৰিশুদ্ধিৰ ক্ষেত্ৰত নহয়। মানপত্ৰ প্ৰদানকাৰী সংস্থাৰ দ্বাৰা প্ৰথমতে প্ৰাৰম্ভিক মানপত্ৰ প্ৰদানৰ সময়ত মঞ্জুৰীকৃত বৰ্গ নম্বৰ গোটেই পুনৰ বৈধতাকৰণৰ সময়ছোৱাত অপৰিৱৰ্ত্তিত হৈ বাহাল থাকিব। বৈধতাৰ সম্প্ৰসাৰণৰ বাবে এসম ৰাজ্যিক বীজ মানপত্ৰ প্ৰদানকাৰী সংস্থাৰ সঞ্চালকলৈ এখন আবেদন কৰিব লাগিব।

মানপত্ৰ প্ৰত্যাহাৰকৰণ –

যিসমূহ চৰ্তৰ অধীনত মানপত্ৰখন মঞ্জুৰ হৈছিল, মানপত্ৰৰ কোনো ন্যায্য কাৰণ অবিহনে সেইসমূহৰ সৈতে যদিহে সন্মত হোৱাত ব্যৰ্থ হয় বা বীজ আইন,১৯৬৬ৰ অধীনত সৃষ্ট কোনো ধাৰা বা নিয়মৰ বিৰোধিতা কৰে, তেন্তে এইখন আইনৰ অধীনত মানপত্ৰৰ ধাৰক যাৰ বাবে দায়ী হব পৰা কোনো অন্য জৰিমনাৰ পক্ষপাতিত্ব অবিহনে, অসম ৰাজ্যিক বীজ মানপত্ৰ প্ৰদান সংস্থাই ৰ ধাৰকক জাননী জাৰিৰে এটা সুবিধা দিয়াৰ পাছত মানপত্ৰখন প্ৰত্যাহাৰ কৰিব পাৰে।