ভাৰতবৰ্ষত বীজৰ গুণ আইনগতভাৱে বীজ আইন, ১৯৬৬ৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়।
এই আইনখনৰ মতে-
- অধিসূচিত প্ৰকাৰসমূহৰ কৃষকসকললৈ বিক্ৰী কৰা সকলো বীজেই অংকুৰণ আৰু শাৰিৰীক পৰিশুদ্ধিতাৰ ন্যূনতম মানদণ্ডৰ হব লাগিব।
- বীজবোৰ এটা উপযুক্ত পাত্ৰত ভৰাব লাগিব আৰু পাত্ৰটোত লেবেল সংলগ্ন হৈ থাকিব লাগিব।
- অংকুৰণ, শাৰিৰীক পৰিশুদ্ধিতা, বিভিন্ন, পৰীক্ষণৰ তাৰিখ, বীজ উত্পাদকৰ নামৰ বিষয়ে তথ্য লেবেলখনত উল্লেখ থাকিব লাগিব।
- লেবেলখনত উল্লেখিত অংকুৰণৰ মান্যতা, পৰীক্ষণৰ তাৰিখৰ পৰা ৯ মাহৰ বাবে বৈধ সাব্যস্ত হব, যাৰ পাছত ইয়াক পুনৰ পৰীক্ষাৰ দ্বাৰা ৬ মাহৰ বাবে পুনৰ মান্যতা প্ৰদান কৰা হব।
- অধিসূচিত প্ৰকাৰৰ বীজৰ নমুনা অংকুৰণ আৰু পৰিশুদ্ধিতাৰ বিশ্লেষণৰ বাবে বীজ পৰীক্ষণ গৱেষণাগাৰলৈ প্ৰেৰণ কৰিব লাগিব।
- যিকোনো আইনী বিবাদৰ ক্ষেত্ৰত, প্ৰাসঙ্গিক নমুনাবিধ নতুন দিল্লীস্থিত TARI কেন্দ্ৰীয় বীজ পৰীক্ষণ গৱেষণাগাৰৰ বীজ-বিজ্ঞান আৰু প্ৰযুক্তবিদ্যা বিভাগলৈ প্ৰেৰণ কৰা হয়, যাৰ ফলাফলক চূড়ান্ত বিবেচনা কৰা হয়।